Last updated on: 27th November 2024
  1. পাতনি:

    এছআই ক্ৰেভা কেপিটেল ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড এখন প্ৰাইভেট লিমিটেড কোম্পানী হয়। ই কোম্পানী আইন, 2013-ৰ বিধানসমূহ অনুসৰি ইনকৰ্প’ৰেট হৈছে। ইয়াৰ কৰ্প’ৰেট আইডেণ্টিফিকেচন নম্বৰ হ’ল U65923MH2015PTC266425 (“এছআই ক্ৰেভা”/“কোম্পানী”)। এছআই ক্ৰেভা হ’ল মিডল লেয়াৰ নন-ডিপজিট টেকিং নন-বেংকিং বিত্তীয় কোম্পানী। ই ভাৰতীয় ৰিজাৰ্ভ বেংক (“RBI”) দ্বাৰা পঞ্জীয়নকৃত আৰু নিয়ন্ত্ৰিত আৰু ইয়াৰ পঞ্জীয়ন নম্বৰ হ’ল N-13.02129।

    এই কোম্পানীয়ে Kissht আৰু PayWithRing-ৰ জৰিয়তে আনছিকিওৰ্ড পাৰ্ছনেল আৰু বিজনেছ ল’ন দিয়াৰ আৰু লগতে সম্পত্তিৰ ভিত্তিত ছিকিওৰ্ড ল’ন দিয়াৰ ব্যৱসায় কৰে।

  2. উদ্দেশ্য আৰু লক্ষ্য:
    1. 2.1. নন-বেংকিং বিত্তীয় কোম্পীনীসমূহে (NBFCs) যিবোৰ স্বচ্ছতা অনুশীলন বিধি মানি চলিব লাগিব সেইবোৰ স্কেল বেছড ৰেগুলেচন্স, 2023 (SBR মাষ্টাৰ ডাইৰেকচন) সম্বন্ধীয় RBI মাষ্টাৰ ডাইৰেকচনৰ অষ্টম অধ্যায়ত উল্লেখ কৰা হৈছে। ইয়াৰ ফলত, RBI-ৰ নিৰ্দেশিকাৰ সৈতে সামঞ্জস্য ৰাখি এছআই ক্ৰেভা এই সামগ্ৰিক স্বচ্ছতা অনুশীলন বিধি (“বিধি”) গঠন কৰিছে, সেয়া এই নথিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছে ইয়াক যথা বিহিত ভাৱে অনুমোদন দিছে।
    2. 2.2. বিত্তীয় সা-সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰেত এছআই ক্ৰেভা যিবোৰ ৰীতি অনুসৰণ কৰে আৰু এছআই ক্ৰেভা নিজৰ গ্ৰাহকসকলক যিবোৰ সেৱা প্ৰদান কৰে সেইবোৰৰ কাৰ্যকৰ ৰূপৰেখা গ্ৰাহকসকলক প্ৰদান কৰা হে হ’ল এই বিধিৰ অন্যতম লক্ষ্য। তদুপৰি, গ্ৰাহকসকলে যিবোৰ বিত্তীয় সুবিধা আৰু সেৱা গ্ৰহণ কৰিব সেইবোৰৰ বিষয়ে ভাল দৰে অৱগত হৈ তেওঁলোকে যেন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, তাৰো ব্যৱস্থা কৰিব এই বিধি আৰু এয়া এছআই ক্ৰেভা দ্বাৰা মঞ্জুৰ আৰু বিতৰণ হোৱা যি কোনো ল’নৰ ক্ষেত্ৰত প্ৰযোজ্য।
    3. 2.3. এই বিধিক তৈয়াৰ কৰা হৈছে এইবোৰ কাৰণত:

      1. • গ্ৰাহকৰ সৈতে লেনদেনৰ ক্ষেত্ৰত ন্যূনতম মানদণ্ড স্থাপন কৰাৰ জৰিয়তে ভাল, স্বচ্ছ, আৰু বিশ্বস্ত ৰীতি-পদ্ধতিৰ প্ৰসাৰ।
      2. • গ্ৰাহকসকলে সেৱাসমূহৰপৰা ন্যায্য ভাৱে কি প্ৰত্যাশা কৰিব পাৰে, সেইবোৰ দিশ তেওঁলোকে যেন অধিক ভাল দৰে বুজি পায় তাৰ বাবে স্বচ্ছতা বৃদ্ধি।
      3. • গ্ৰাহক আৰু এছআই ক্ৰেভাৰ মাজত স্বচ্ছ আৰু আন্তৰিক সম্পৰ্কৰ প্ৰসাৰ।
      4. • এছআই ক্ৰেভা-ৰ উপৰ গ্ৰাহকৰ বিশ্বাস জগাই তোলা।
      5. • আগধন উদ্ধাৰ সম্বন্ধীয় বিষয়সমূহত আইন সন্মত নীতিসমূহক নিশ্চিত ভাৱে মানি চলা।
      6. • গ্ৰাহকৰ অভাৱ-অভিযোগ প্ৰতিকাৰৰ বাবে ব্যৱস্থাক শক্তিশালী কৰা।
  3. মুখ্য দায়বদ্ধতাসমূহ আৰু ঘোষণাসমূহ:

    এছআই ক্ৰেভা নিজৰ গ্ৰাহকসকলৰ প্ৰতি নিম্নলিখিত দিশসমূহত দায়বদ্ধতা প্ৰকাশ কৰি আছে:

    1. 3.1. নিজৰ গ্ৰাহকসকলৰ সৈতে লেনদেনৰ ক্ষেত্ৰত এছআই ক্ৰেভা স্বচ্ছ আৰু ন্যায্য ভাৱে কাম কৰিব এই দৰে:

      1. 3.1.1. এছআই ক্ৰেভা যিবোৰ বিত্তীয় পণ্য আৰু সেৱা প্ৰদান কৰে সেইবোৰৰ বিষয়ে আৰু ইয়াৰ কৰ্মীসকলে যিবোৰ প্ৰণালী আৰু ৰীতি-পদ্ধতি মানি চলে সেইবোৰৰ বিষয়ে বিধিত যিবোৰ দায়বদ্ধতা আৰু মানদণ্ড উল্লেখ কৰা আছে, সেইবোৰ পূৰণ কৰিব।
      2. 3.1.2. তেওঁলোকৰ পণ্য আৰু সেৱাসমূহত যেন আনুষংগিক আইন আৰু বিধি মানি চলা হয়, সেয়া নিশ্চিত কৰিব।
      3. 3.1.3. সততা আৰু স্বচ্ছতাৰ নৈতিক আদৰ্শৰ ভিত্তিত গ্ৰাহকসকলৰ সৈতে লেনদেন কৰিব।
      4. 3.1.4. পেছাদাৰ, সৌজন্য মূলক আৰু দ্ৰুত সেৱা প্ৰদান কৰিব।
      5. 3.1.5. বিত্তীয় সেনদেনৰ সম্বন্ধীয় নিয়ম আৰু চৰ্তাৱলী, ব্যয়, অধিকাৰ আৰু দায়বদ্ধতাসমূহক সঠিক ভাৱে আৰু উপযুক্ত সময়ৰ ভিতৰত নিষ্পন্ন কৰা।
    2. 3.2. নিম্নলিখিত উপায়সমূহ অৱলম্বন কৰি গ্ৰাহকসকলক এয়া বুজি পাবলৈ এছআই ক্ৰেভা সহায়তা কৰিব যে আমাৰ বিত্তীয় পণ্য আৰু সেৱাসমূহ কাম কৰে-

      1. 3.2.1. বিত্তীয় যোজনাসমূহৰ তথ্যৰ লগতে অন্যান্য চিঠিপত্ৰ প্ৰদান কৰা হ’ব হিন্দীত আৰু/বা ইংৰাজীত আৰু/বা ঋণ গ্ৰহণকাৰীৰ অনুৰোধ অনুসৰি তেওঁ বুজি পোৱা স্থানীয় ভাষাত;
      2. 3.2.2. আমাৰ বিজ্ঞাপন আৰু প্ৰসাৰ মূলক লিখনিসমূহ যেন স্পষ্ট হয় আৰু বিভ্ৰান্তিমূলক নহয়, সেয়া নিশ্চিত কৰা হ’ব;
      3. 3.2.3. লেনদেনৰ বিত্তীয় প্ৰভাৱ ব্যাখ্যা কৰা হ’ব;
      4. 3.2.4. গ্ৰাহকক বিত্তীয় যোজনা বাছি ল’বলৈ সহায়তা কৰা হ’ব।
    3. 3.3. গ্ৰাহকৰ প্ৰতিক্ৰিয়া/উদ্বেগৰ ক্ষেত্ৰত এছআই ক্ৰেভা দ্ৰুত আৰু সক্ৰিয় ভাৱে কাম কৰিব:

      1. 3.3.1. কোম্পানীয়ে গঢ়ি তোলা গ্ৰাহক অভিযোগ প্ৰতিকাৰ ব্যৱস্থা অনুসৰি গ্ৰাহকৰ অভিযোগৰ প্ৰতি দ্ৰুত গুৰুত্ব দিয়া হ’ব;
      2. 3.3.2. গ্ৰাহকে আমাৰ সহায়তাত সন্তুষ্ট নহ’লে তেওঁ কেনেকৈ নিজৰ অভিযোগসমূহক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব, সেই বিষয়ে আমি নিজৰ গ্ৰাহকসকলক সকলো কথা জনাম।
    4. 3.4. এছআই ক্ৰেভা এই বিধিক ইংৰাজীত আৰু ঋণ গ্ৰহণকাৰীয়ে বুজি পোৱা সকলো প্ৰধান-প্ৰধান স্থানীয় ভাষাত প্ৰচাৰ কৰিব আৰু নিজৰ ৱেবছাইটত প্ৰদৰ্শিত কৰি থ’ব; আৰু গ্ৰাহকসকলৰ অনুৰোধ অনুসৰি ইয়াৰ প্ৰতিলিপিসমূহ উপলব্ধ কৰিব স্থানীয় ভাষাসমূহত।
  4. ঋণৰ আৱেদন আৰু প্ৰক্ৰিয়াকৰণ
    1. 4.1. ঋণ গ্ৰহণকাৰীসকলোলৈ সকলো চিঠিপত্ৰ ইংৰাজীত বা গ্ৰাহকৰপৰা প্ৰাপ্ত অনুৰোধ অনুসৰি স্থানীয় ভাষাত বা ঋণ গ্ৰহণকাৰীয়ে বুজি পোৱা ভাষাত প্ৰেৰণ কৰা হ’ব।
    2. 4.2. যিসকল উপযুক্ত যোগ্যতা প্ৰাপ্ত আৱেদনকাৰীয়ে নিজে ঋণৰ অনুৰোধ পত্ৰ প্ৰদান কৰি বা ঋণৰ আৱেদন প্ৰপত্ৰ পূৰণ কৰি ঋণ লোৱাৰ বাবে নিজৰ ইচ্ছা প্ৰকাশ কৰিব, তেওঁলোকক এছআই ক্ৰেভা ঋণ প্ৰদান কৰিব।
    3. 4.3. ঋণৰ আৱেদন পত্ৰত উল্লেখ কৰা থাকিব যে আৱেদন পত্ৰৰ সৈতে কি-কি নথিপত্ৰ জমা দিব লাগিব। RBI-ৰ নিজৰ গ্ৰাহকক জানক (‘KYC’) মান্যতা অনুসৰণ কৰি কোম্পানীয়ে সকলো প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰিব।
    4. 4.4. এছআই ক্ৰেভা যিবোৰ ঋণৰ আৱেদন প্ৰপত্ৰ জাৰী কৰিব সেইবোৰত গ্ৰাহকৰ স্বাৰ্থক প্ৰভাৱিত কৰিব পৰা প্ৰয়োজনীয় তথ্যসমূহ থাকিব, কিয়নো অন্যান্য NBFC-সমূহে প্ৰদান কৰা নিয়ম আৰু চৰ্তাৱলীক অৰ্থপূৰ্ণ ভাৱে তুলনা কৰি চোৱাৰ পাছত ঋণ গ্ৰহণকাৰীয়ে যেন সকলো দিশ অৱগত হৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
    5. 4.5. সকলো ঋণৰ আৱেদন প্ৰাপ্তিৰ ৰচিদ প্ৰদান কৰাৰ এটা ব্যৱস্থা তৈয়াৰ কৰিব এছআই ক্ৰেভা। আটাইবোৰ আৱশ্যিক নথিপত্ৰ আৰু তথ্য প্ৰাপ্তি সাপেক্ষে সকলো দিশৰপৰা সম্পূৰ্ণ ৰূপত পূৰণ হোৱা ঋণৰ আৱেদন প্ৰাপ্তিৰ তাৰিখৰপৰা 30 (ত্ৰিছ) দিনৰ ভিতৰত ঋণৰ আৱেদনসমূৰ নিষ্পত্তি কৰা হ’ব। যি কোনো ক্ষেত্ৰত, গ্ৰাহকক তেওঁৰ আৱেদনৰ স্থিতিৰ বিষয়ে ছেলছ পাৰ্ছনে মাজে-মাজে অৱগত কৰি থাকিব। গ্ৰাহকে আৱেদনৰ স্থিতিৰ বিষয়ে নিৰ্দিষ্ট টোল ফ্ৰী নম্বৰত ফোন কৰি বা ই-মেল আইডি-ৰ জৰিয়তে এছআই ক্ৰেভা-ৰ গ্ৰাহক সেৱা টীমৰ সৈতেও যোগাযোগ কৰিব পাৰে।
    6. 4.6. অতিৰিক্ত কোনো বিৱৰণ/নথিপত্ৰৰ প্ৰয়োজন হ’লে, সেই কথা লগে-লগে ঋণ গ্ৰহণকাৰীক জনোৱা হ’ব।
  5. অ-বৈষম্য নীতি
    1. 5.1. লিংগ পৰিচয়, জাতি, বা ধৰ্মৰ ভিত্তিত এছআই ক্ৰেভাৰ বৰ্তমান আৰু লগতে সম্ভাৱ্য গ্ৰাহকসকলৰ সৈতে কোনো ধৰণৰ বৈষম্যত লিপ্ত হোৱাৰ পৰা এছআই ক্ৰেভা কঠোৰ ভাৱে বিৰত হৈ থাকে।
    2. 5.2. শাৰীৰিক/দৃষ্টিশক্তি প্ৰতিবন্ধী আৱেদনকাৰীসকলোলৈ পণ্য আৰু সা-সুবিধা যেন ঋণৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত বিকলাংগতাৰ ভিত্তিত কোনো বৈষম্য এছআই ক্ৰেভা নকৰিব।
  6. ঋণৰ মূল্যায়ন আৰু নিয়মাৱলী/চৰ্তাৱলী
    1. 6.1. ঋণ গ্ৰহণকাৰীৰ ঋণ গ্ৰহণ কৰাৰ যোগ্যতাক লৈ যথা বিহিত পদক্ষেপ গ্ৰহণ কৰিব, সেয়া আৱেদন সম্বন্ধীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰেত গুৰুত্বপূৰ্ণ এটা ধ্ৰুৱক হ’ব। এই মূল্যায়ন এছআই ক্ৰেভাৰ ক্ৰেডিট নীতি, মূল্যমান, আৰু সেইবোৰৰ প্ৰণালীৰ সৈতে সংগতি ৰাখি কৰা হ’ব।
    2. 6.2. ঋণ মঞ্জুৰ কৰাৰ পাছত কোম্পানীয়ে আৱেদনকাৰীক মঞ্জুৰী পত্ৰ প্ৰদান কৰি বা অন্য উপায়ত মঞ্জুৰ হোৱা ঋণৰ ৰাশি, নিয়ম আৰু চৰ্তাৱলী লগতে সূতৰ বছৰেকীয়া হাৰ আৰু সেয়া প্ৰয়োগ কৰাৰ পদ্ধতিবোৰ জনাব। ঋণ গ্ৰহণকাৰীয়ে সেইবোৰ নিয়ম আৰু চৰ্তাৱলী মানি ল’লে, তাৰ ৰেকৰ্ড এছআই ক্ৰেভা নিজৰ লগত ৰাখিব।
    3. 6.3. গ্ৰাহকসকলৰ উপৰত অতিৰিক্ত সূতৰ হাৰ যেন আৰোপ কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ কোম্পানীয়ে পুঁজিৰ ব্যয়, প্ৰক্ৰিয়াকৰণ মাচুল আৰু অন্যান্য ব্যয়ৰ চাৰ্জ, মাৰ্কিন আৰু ৰিস্ক প্ৰিমিয়াম ইত্যাদি আনুষংগিক দিশসমূহ বিৱেচনা কৰাৰ পাছত ব’ৰ্ডৰ দ্বাৰা অনুমোদিত সূতৰ হাৰৰ আৰ্হি গ্ৰহণ কৰিব। RE-সমূহে স্পষ্টকৈ গ্ৰাহকসকলক আগতীয়াকৈ ঋণৰ চুক্তিত আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ নিয়ম আৰু চৰ্তাৱলী (MITC)/মুখ্য তথ্য বিৱৰণ (KFS)-ত, প্ৰযোজ্য অনুসৰি, পেনাল চাৰ্জসমূহৰ পৰিমাণ আৰু কাৰণ জনাব। কোম্পানীয়ে মঞ্জুৰী পত্ৰত প্ৰাসংগিত ভাৱে নিজৰ ৱেবছাইটত থকা সূতৰ হাৰৰ আৰ্হিৰ কথা উল্লেখ কৰিব আৰু মঞ্জুৰী পত্ৰত সূতৰ হাৰৰ কথা স্পষ্টকৈ জনাব, যিটো কথা ইয়াত তলত 9.2 পেৰাত উল্লেখ কৰা হৈছে।
    4. 6.4. ঋণ মঞ্জুৰ/বিতৰণ কৰাৰ সময়ত ঋণ গ্ৰহণকাৰীসকলে বুজি পোৱাকৈ ঋণৰ চুক্তিৰ এখন প্ৰতিলিপি এছআই ক্ৰেভা প্ৰদান কৰিব আৰু লগতে ঋণৰ নথিপত্ৰত উল্লিখিত সেইবোৰ কাকতপত্ৰৰ প্ৰতিলিপিও দিব যিবোৰ নথিপত্ৰৰ সৈতে গাঁথি দিয়া হৈছে।
    5. 6.5. এছআই ক্ৰেভা এয়াও নিশ্চিত কৰিব যে সকলো ঋণ গ্ৰহণকাৰীলৈ প্ৰদান কৰা ঋণৰ নথিপত্ৰ আৰু সেইবোৰৰ সৈতে গাঁথি দিয়া আটাইবোৰ কাকতপত্ৰত সকলো নিয়ম আৰু চৰ্তাৱলী লগতে সূতৰ হাৰৰ কথা উল্লেখ থাকিব। তদুপৰি, ঋণৰ নথিপত্ৰত বোল্ড আখৰত এছআই ক্ৰেভা এয়াও উল্লেখ কৰিব যে, পলমকৈ ধন পৰিশোধ কৰিলে পেনাল্টি ভৰিব লাগিব।
  7. ঋণ বিতৰণ লগতে নিয়মাৱলী/চৰ্তাৱলীত পৰিৱৰ্তন
    1. 7.1. ঋণ গ্ৰহণকাৰীয়ে মঞ্জুৰী পত্ৰৰ আটাইবোৰ নিয়ম আৰু চৰ্তাৱলী মানি চলাৰ পাছত লগে-লগে ঋণ বিতৰণ কৰা হ’ব।
    2. 7.2. নিয়ম আৰু চৰ্তাৱলীত, লগতে ঋণ বিতৰণ সূচীত, সূতৰ হাৰত, সেৱা চাৰ্জত, প্ৰি-পেমেণ্ট চাৰ্জ ইত্যাদিত কিবা পৰিৱৰ্তন হ’লে এছআই ক্ৰেভা সেই বিষয়ে ঋণ গ্ৰহণকাৰীক অৱগত কৰিব। উল্লিখিত চাৰ্জসমূহত কোনো পৰিৱৰ্তন হ’লে সেয়া কোম্পানীৰ ৱেবছাইটতো আপডেট কৰা হ’ব। এছআই ক্ৰেভা এয়াও নিশ্চিত কৰিব যে সূতৰ হাৰৰ কোনো পৰিৱৰ্তন হ’লে সেয়া পৰৱৰ্তী সময়ৰপৰা কাৰ্যকৰ হ’ব আৰু বৰ্তমন ঋণসমূহৰ সূতৰ হাৰৰ অতিৰিক্ত কোনো উপাদান যুক্ত নহ’ব।

      এয়া পৰ্যাপ্ত ৰূপত স্পষ্ট কৰি দিয়া হৈছে যে, ঋণৰ চুক্তিৰ প্ৰকৃত নিয়ম আৰু চৰ্তাৱলী যদি মানি চলা নহয়, কেৱল তেতিয়া হে পেনাল চাৰ্জসমূহ আৰোপ কৰা হ’ব। সম্পূৰ্ণ স্পষ্টকৈ কোৱা হৈ আছে যে, য’ত পুঁজি যুক্ত হৈ আছে, তাতেই পেনাল চাৰ্জ আৰোপ কৰা হ’ব। যেনে, ঋণৰ চুক্তি অনুসৰি সমান মাহেকীয়া কিস্তি (EMI) বা সম্পূৰ্ণ ঋণ পৰিশোধত বিলম্ব হ’লে। তদুপৰি, ঋণ গ্ৰহণকাৰীয়ে ঋণৰ চুক্তিৰ প্ৰকৃত নিয়ম আৰু চৰ্তাৱলী মানি নচলাৰ কাৰণে যদি পেনাল্টি আৰোপ কৰা হয়, সেয়া ‘পেনাল সূত’ হিচাপে আৰোপ কৰা নহ’ব, আৰু সেয়া আগধনসমূহৰ উপৰত আৰোপ হোৱা সূতৰ হাৰৰ হাৰৰ লগতো যুক্ত কৰা নহ’ব। পেনাল চাৰ্জৰ কোনো মূলধনীকৰণ নহ’ব। অৰ্থাৎ, সেইবোৰ চাৰ্জত অতিৰিক্ত কোনো সূত গণনা কৰা নহ’ব। অৱশ্যে, ইয়াৰ কোনো প্ৰভাৱ ঋণৰ একাউণ্টত সূতৰ চক্ৰবৃদ্ধিৰ স্বাভাৱিক প্ৰণালীত নপৰিব।

  8. ঋণ বিতৰণ পৰৱৰ্তী নিৰীক্ষণ
    1. 8.1. ঋণৰ নথিপত্ৰ অনুসৰি পৰিশোধ বা পাৰদৰ্শিতাক প্ৰত্যাহাৰ/ত্বৰান্বিত কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হ’লে সেয়া ঋণৰ নথিপত্ৰৰ সৈতে সংগতি ৰাখি কৰা হ’ব।
    2. 8.2. ঋণৰ লগত যুক্ত আটাইবোৰ ছিকিউৰিটিক ঋণ সম্পূৰ্ণ ৰূপত পৰিশোধ হোৱাৰ পাছত উভতাই দিয়া হ’ব, চুক্তিৰ অংশ হিচাপে কোনো অধিকাৰ বা পূৰ্ব-স্বত্ব, আৰু ঋণ গ্ৰহণকাৰীসকলৰ ক্ষেত্ৰত এছআই ক্ৰেভাৰ আন কোনো ক্লেইম ছেট-অফ হোৱাৰ সাপেক্ষত। এই ধৰণৰ ছেট-অফৰ কোনো অধিকাৰ প্ৰয়োগ কৰা হ’লে, সেই বিষয়ে ঋণ গ্ৰহণকাৰীৰ ওচৰত জাননী পঠোৱা হ’ব। তাত অৱশিষ্ট ক্লেইমৰ সম্পূৰ্ণ বিৱৰণ উল্লেখ কৰা থাকিব লগতে সেইবোৰ চৰ্তৰ উল্লেখ থাকিব যিবোৰ অনুসৰণ কৰি এছআই ক্ৰেভা ছিকিউৰিটিসমূহ সংশ্লিষ্ট ক্লেইমৰ নিষ্পত্তি/পৰিশোধ নোহোৱালৈকে নিজৰ ওচৰত থৈ দিয়াৰ অধিকাৰ প্ৰয়োগ কৰিব পাৰিব।
  9. সূতৰ হাৰ, প্ৰক্ৰিয়াকৰণ মাচুল আৰু অন্যান্য চাৰ্জ:
    1. 9.1. সূতৰ হাৰ আৰু প্ৰক্ৰিয়াকৰণ আৰু অন্যান্য চাৰ্জ, থাকিলে, নিৰ্ধাৰণ কৰাৰ বাবে এছআই ক্ৰেভা উপযুক্ত আভ্যন্তৰীণ ৰীতি আৰু পদ্ধতি তৈয়িৰ কৰিব, লগতে এয়াও নিশ্চিত কৰিব যে সেইবোৰ যেন অত্যধিক নহয়। ঋণ বিতৰণ কৰাৰ সময়ত এছআই ক্ৰেভা এয়া নিশ্চিত কৰিব যে, ঋণ আৰু আগধনৰ সূতৰ হাৰ আৰু অন্যান্য চাৰ্জ, থাকিলে, উল্লিখিত নীতি, আভ্যন্তৰীণ ৰীতি আৰু পদ্ধতিক কঠোৰ ভাৱে অনুসৰণ কৰি ধাৰ্য কৰা হয়।
    2. 9.2. ঋণ আৰু আগধনৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ উপৰত যেন অত্যধিক সূতৰ হাৰ আৰু চাৰ্জ যেনে পেনাল চাৰ্জ ইত্যাদি আৰোপ কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ ব’ৰ্ডে সূতৰ হাৰ, প্ৰক্ৰিয়াকৰণ আৰু অন্যান্য চাৰ্জ নিৰ্ধাৰণ সম্বন্ধীয় এটা নীতি গ্ৰহণ কৰিছে, যাৰ নাম ‘সূতৰ হাৰৰ নীতি’, আৰু সেয়া এছআই ক্ৰেভাৰ ৱেবছাইটত দি থোৱা আছে।
    3. 9.3. ঋণৰ চুক্তি/মুখ্য তথ্য বিৱৰণত সূতৰ হাৰৰ কথা ঋণ গ্ৰহণকাৰীৰ অৱগতিৰ বাবে এছআই ক্ৰেভা উল্লেখ কৰিব আৰু সেয়া স্পষ্টকৈ মঞ্জুৰী পত্ৰৰ জৰিয়তে জনাব।
    4. 9.4. সূতৰ হাৰৰ বিশাল পৰিসৰ আৰু আশংকাৰ মাত্ৰা নিৰ্ণয় পন্থা, যিবোৰ সূতৰ হাৰৰ নীতিক গঢ়ি তোলা অংশ হয়, এছআই ক্ৰেভাৰ ৱেবছাইটত উপলব্ধ কৰা হ’ব। সূতৰ হাৰত কোনো পৰিৱৰ্তন হ’লে ৱেবছাইটত বা আন কোনো ভাৱে প্ৰকাশ কৰা তথ্যক আপডেট কৰা হ’ব।
    5. 9.5. মঞ্জুৰী পত্ৰত স্পষ্টকৈ সূতৰ হাৰ আৰু আশংকাৰ মাত্ৰা নিৰ্ণয়ৰ পন্থা আৰু বিভিন্ন শ্ৰেণীৰ ঋণ গ্ৰহণকাৰীৰ বাবে বিভিন্ন ধৰণৰ সূতৰ হাৰৰ কথা জনোৱা হ’ব।
    6. 9.6. সূতৰ হাৰ হ’ব বছৰেকীয়া শতকৰা হাৰ (APR), কিয়নো ঋণ গ্ৰহণকাৰীয়ে যেন অৱগত থাকিব পাৰে যে একাউণ্টত সঠিক ভাৱে কিমান হাৰ ধাৰ্য কৰা হ’ব।
    7. 9.7. ঋণ আৰু আগধনৰ বাবে কিমান সূতৰ হাৰ ধাৰ্য কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰাৰ বাবে পুঁজিৰ ব্যয়, মাৰ্জিন, আৰু প্ৰিমিয়ামৰ আশংকা বিবেচনা কৰি সূতৰ হাৰৰ এটা আৰ্হি ঠিক কৰিব এছআই ক্ৰেভা।
    8. 9.8. সূতৰ হাৰ ধাৰ্য কৰাৰ বিষয়টো বহুখিনি নিৰ্ভৰ কৰে ঋণ গ্ৰহণকাৰীৰ আশংকাৰ মাত্ৰা নিৰ্ণয়ৰ উপৰত। যেনে ঋণ গ্ৰহণকাৰীৰ বিত্তীয় শক্তি, ব্যৱসায়ক প্ৰভাৱিত কৰিব পৰা ব্যৱসায় নিয়ামক পৰিৱেশ, প্ৰতিযোগিতা, আৰু অতীত ইতিহাস ইত্যাদি।
    9. 9.9. কোনো প্ৰক্ৰিয়াকৰণ মাচুল থাকিলে সেয়া নিৰ্ধাৰণ কৰা হ’ব এই দিশসমূহৰ ভিত্তিত- ক্ৰেডিট মূল্যায়নত যুক্ত কামৰ পৰিমাণ, নথিপত্ৰৰ আয়তন, আৰু লেনদেনৰ লগত যুক্ত অন্যান্য খৰচ। বজাৰৰ বাধ্যবাধকতাৰ কাৰণে পৰিস্থিতিৰ প্ৰয়োজনত আৰু নিয়ামক মানত পৰিৱৰ্তনৰ ফলত সূতৰ হাৰ পৰিৱৰ্তন সাপেক্ষ হয়, আৰু সেয়া এটা-এটা ক্ষেত্ৰ অনুসৰি মেনেজমেণ্টৰ বিৱেচনা সাপেক্ষও হয়।
    10. 9.10. মাজে-মাজে জাৰী হোৱা নিয়ামক নিৰ্দেশ অনুসৰি ফ’ৰক্ল’জাৰ চাৰ্জ প্ৰযোজ্য হ’ব।
  10. অস্থাৱৰ সম্পত্তিৰ নথিপত্ৰ মুকলি কৰা
    1. 10.1. ঋণ সম্পূৰ্ণ পৰিশোধ বা নিষ্পন্ন হোৱাৰ পাছত 30 দিনৰ ভিতৰত এছআই ক্ৰেভা সম্পত্তিৰ আটাইবোৰ আচল নথিপত্ৰ মুকলি কৰি দিব।
    2. 10.2. ঋণৰ সেৱা যিখন শাখাৰপৰা আগবঢ়োৱা হৈছিল তাৰপৰা বা এছআই ক্ৰেভাৰ আন যি কোনো কাৰ্যালয়ৰপৰা ঋণ গ্ৰহণকাৰীয়ে আচল নথিপত্ৰসমূহ সংগ্ৰহ কৰি ল’ব পাৰিব।
    3. 10.3. কাৰ্যকৰ তাৰিখৰ পাছত জাৰী হোৱা ঋণ মঞ্জুৰী পত্ৰত নথিপত্ৰ উভতাই দিয়াৰ সময়সীমা আৰু স্থানৰ কথা অৱশ্যেই উল্লেখ থাকিব লাগিব।
    4. 10.4. ঋণ গ্ৰহণকাৰীৰ মৃত্যু হ’লে তেওঁৰ আইন সন্মত উত্তৰাধিকাৰীৰ ওচৰত নথিপত্ৰ উভতাই দিয়াৰ স্পষ্ট প্ৰণালী থাকিব এছআই ক্ৰেভাৰ, সেয়া অন্যান্য গ্ৰাহক তথ্যৰ লগতে কোম্পানীৰ ৱেবছাইটতো প্ৰকাশ কৰা হ’ব।
    5. 10.5. স্থাৱৰ/অস্থাৱৰ সম্পত্তিৰ নথিপত্ৰ মুকলি কৰিবলৈ পলম হৈ গ’লে প্ৰযোজ্য নিয়ম-নীতি অনুসৰি ঋণ গ্ৰহণকাৰীক তাৰ বাবে ক্ষতিপূৰণ দিয়া হ’ব।
    6. 10.6. এনেকুৱা নথিপত্ৰ হেৰাই গ’লে তাৰ ডুপ্লিকেট/চাৰ্টিফাইড কপি উলিয়াবলৈ ঋণ গ্ৰহণকাৰীক কোম্পানী সহায়তা কৰিব আৰু এই ক্ষেত্ৰত হোৱা অতিৰিক্ত খৰচ বহন কৰিব।
  11. ডিজিটেল লেণ্ডিং প্লেটফৰ্মৰপৰা অহা ঋণসমূহ

    ঋণ গ্ৰহণকাৰীক ঋণ দিয়াৰ বাবে আৰু/বা বকেয়া উদ্ধাৰ কৰিবলৈ ডিজিটেল লেণ্ডিং প্লেটফৰ্মসমূহ য’ত এজেণ্ট হিচাপে যুক্ত হৈ থাকে, সেই ক্ষেত্ৰত কোম্পানীয়ে তলৰ নিৰ্দেশসমূহ অনুসৰণ কৰিব:

    1. 11.1. এজেণ্ট হিচাপে যুক্ত হৈ থকা ডিজিটেল লেণ্ডিং প্লেটফৰ্মসমূহ নাম কোম্পানীৰ ৱেবছাইটত প্ৰকাশ কৰা।
    2. 11.2. এজেণ্ট হিচাপে যুক্ত হৈ থকা ডিজিটেল লেণ্ডিং প্লেটফৰ্মসমূহক নিৰ্দেশ দিয়া যে তেওঁলোকে গ্ৰাহকক যেন আগতীয়াকৈ সেই কোম্পানীৰ নাম জনাই দিয়ে যে তেওঁলোকে যিখন কোম্পানীৰ হৈ তেওঁলোকে গ্ৰাহকৰ সৈতে কথা পাতি আছে।
    3. 11.3. মঞ্জুৰ হোৱাৰ পাছত লগে-লগে কিন্তু ঋণৰ চুক্তি সম্পাদন হোৱাৰ আগতে, কোম্পানীৰ লেটাৰ হেডত মঞ্জুৰী পত্ৰ জাৰী কৰিব লাগিব ঋণ গ্ৰহণকাৰীৰ নামত।
    4. 11.4. ঋণ মঞ্জুৰ/বিতৰণ কৰাৰ সময়ত সকলো ঋণ গ্ৰহণকাৰীক ঋণৰ চুক্তিৰ এখন প্ৰতিলিপি আৰু লগতে ঋণৰ চুক্তিত উল্লিখিত আটাইবোৰ কাকতপত্ৰৰ, যিবোৰ চুক্তি পত্ৰৰ লগত গাঁথি দিয়া হৈছে, প্ৰতিলিপি দিয়া হ’ব।
    5. 11.5. কোম্পানীৰ লগত যুক্ত ডিজিটেল লেণ্ডিং প্লেটফৰ্মসমূহৰ উপৰত কাৰ্যকৰী তদাৰকী আৰু নিৰীক্ষণ নিশ্চিত কৰা হ’ব।
    6. 11.6. অভিযোগ প্ৰতিকাৰ ব্যৱস্থা সম্বন্ধে সজাগতা সৃষ্টিৰ বাবে পৰ্যাপ্ত প্ৰয়াস পোৱা হ’ব।
    7. 11.7. ডিজিটেল লেণ্ডিং প্লেটফৰ্মসূহৰপৰা জাৰী হোৱা ঋণসমূহৰ উদ্দেশ্যত বিতং নিৰ্দেশিকাৰ ৰূপৰেখা তৈয়াৰ কৰিবলৈ ডিজিটেল লেণ্ডিং-ৰ বাবে কোম্পানীয়ে পৃথক এটা নীতি গ্ৰহণ কৰিছে।
  12. সাধাৰণ
    1. 12.1. ঋণৰ চুক্তিত প্ৰদত্ত উদ্দেশ্যসমূহৰ বাহিৰে ঋণ গ্ৰহণকাৰীৰ আন কোনো বিষয়ত এছআই ক্ৰেভা হস্তক্ষেপ নকৰিব, যদি হে ঋণ গ্ৰহণকাৰীয়ে আগতে প্ৰকাশ নকৰা কোনো নতুন তথ্য এছআই ক্ৰেভাৰ চকুত পৰে।
    2. 12.2. ঋণ গ্ৰহণকাৰীৰ ব্যক্তিগত তথ্যক এছআই ক্ৰেভা কঠোৰ ভাৱে গোপন কৰি ৰাখিব।
    3. 12.3. এছআই ক্ৰেভা কেৱল তলত উল্লিখিত পৰিস্থিতিসমূহত হে ঋণ গ্ৰহণকাৰীৰ তথ্য তৃতীয় পক্ষৰ ওচৰত প্ৰকাশ কৰিব:

      1. a) গ্ৰাহকক/ঋণ গ্ৰহণকাৰীক জনোৱা হৈছে যে তেওঁৰ তথ্য তৃতীয় পক্ষৰ ওচৰত প্ৰকাশ কৰা হ’ব আৰু এই বিষয়ত তেওঁ যদি সন্মতি দিছে
      2. b) আইন সন্মত বা নিয়ামক অনুসৰি সেয়া কৰাৰ প্ৰয়োজন হ’লে
    4. 12.4. ঋণ উদ্ধাৰ কৰাৰ বিষয়ত এছআই ক্ৰেভা প্ৰতিস্থাপিত নিৰ্দেশিকাসমূহ আৰু বৰ্তমান প্ৰবিধানসমূহ অনুসৰি নিৰ্ধাৰিত ব্যৱস্থাসমূহ অনুসৰণ কৰিব আৰু আইন সন্মত আৰ্হিক ভিতৰত থাকি কাম কৰিব আৰু প্ৰযোজ্য আইন আৰু নিয়মসমূহৰ সৈতি সামঞ্জস্য ৰাখি আৰু ঋণ উদ্ধাৰকাৰী এজেণ্টসমূহৰ বাবে ব’ৰ্ডৰ দ্বাৰা অনুমোদিত আচৰণ বিধি অনুসৰি কাম কৰিব। তদুপৰি, ঋণ উদ্ধাৰ কৰাৰ কাৰণে এছআই ক্ৰেভা অযথা হায়ৰানিৰ আশ্ৰয় নল’ব। যেনে, যেতিয়া-তেতিয়া ঋণ গ্ৰহণকাৰীক আমনি দিয়া/পেশী শক্তি ব্যৱহাৰ কৰা।
    5. 12.5. এছআই ক্ৰেভা এয়া নিশ্চিত কৰিব যে, ইয়াৰ ছিকিউৰিটিক বলবৎ কৰা আৰু তাৰ মূল্যায়ন তথা বাস্তৱায়ন প্ৰক্ৰিয়া যেন ন্যায্য আৰু স্বচ্ছ হৈ থাকে।
    6. 12.6. কৰ্মীসকলে যেন গ্ৰাহকসকলৰ সৈতে উপযুক্ত ভাৱে লেনদেন কৰে তাৰ বাবে কৰ্মীসকলক পৰ্যাপ্ত প্ৰশিক্ষণ দিয়াৰ দিশটো নিশ্চিত কৰিব এছআই ক্ৰেভা।
    7. 12.7. এছআই ক্ৰেভাৰ ধন সংগ্ৰহ নীতি সৌজন্য আৰু ন্যায্য আচৰণৰ উপৰত গঢ়ি উঠিছে। এছআই ক্ৰেভা গ্ৰাহকৰ আস্থা আৰু দীৰ্ঘম্যাদী সম্পৰ্ক ৰক্ষা নীতিক বিশ্বাস কৰে। এছআই ক্ৰেভাৰ কৰ্মীসকলে বা বকেয়া সংগ্ৰহৰ বাবে আমাৰ প্ৰতিনিধি হিচাপে অধিকাৰ প্ৰাপ্ত যি কোনো ব্যক্তি সৌজন্য মূলক ভাবে নিজৰ পৰিচয় দিব আৰু আমাৰ গ্ৰাহকসকলৰ সৈতে লেনদেন কৰিব।
    8. 12.8. এছআই ক্ৰেভা বকেয়া সম্বন্ধীয় আটাইবোৰ তথ্য গ্ৰাহকসকলক দিব আৰু বকেয়া পৰিশোধ হোৱাৰ পৰ্যাপ্ত জাননীও দিব। ঋণ আৱেদন যাত্ৰাত উল্লিখিত ঠাইত গৈ গ্ৰাহকসকলৰ সৈতে সাধাৰণ ভাৱে যোগাযোগ কৰা হ’ব, বা গ্ৰাহকৰ বাসস্থানত উল্লিখিত ঠাই নাথাকিলে বা গ্ৰাহক যদি সেই বাসস্থানত, গ্ৰাহকৰ ব্যৱসায়/বৃত্তিৰ স্থানত তেওঁ উপলব্ধ নাথাকিলে গ্ৰাহকৰ পছন্দৰ ঠাইত (যিমানখিনি সম্ভৱ হয়) তেওঁৰ সৈতে যোগাযোগ কৰা হ’ব।
    9. 12.9. এছআই গ্ৰাহকৰ গোপনীয়তাক সন্মান কৰিব আৰু সকলো কথাবতৰা শিষ্টাচাৰ পূৰ্ণ হ’ব। বকেয়াৰ সম্বন্ধীয় বিষয়ত পাৰস্পৰিক ভাৱে গ্ৰহণযোগ্য পন্থাত, যদি থাকে, সকলো পাৰ্থক্য বা বিবাদ নিষ্পত্তি কৰাৰ কাৰণে গ্ৰাহকক সকলো সহায়তা প্ৰদান কৰা হ’ব।
    10. 12.10. ঋণ গ্ৰহণকাৰীৰপৰা যদি ঋণ গ্ৰহণকাৰীৰ একাউণ্ট স্থানান্তৰ কৰাৰ অনুৰোধ আহে, আৰু তাত যদি এছআই ক্ৰেভাৰ কোনো আপত্তি থাকে, তেন্তে তেনে অনুৰোধ পোৱাৰ তাৰিখৰপৰা 21 (একৈছ) দিনৰ ভিতৰত সেই আপত্তিক কথা জনাই দিয়া হ’ব। তেনে স্থানান্তৰ আইনৰ সৈতে সামঞ্জস্য ৰাখি স্বচ্ছ চুক্তি ভিত্তিক নিয়ম অনুসৰি কৰা হ’ব।
    11. 12.11. উপযুক্ত সংশোধন, সংযোজন বা আন কিবা কৰি ক্ৰেডিট তথ্য আপ়ডেট কৰি দিয়াৰ বাবে গ্ৰাহকৰপৰা কোনো অনুৰোধ আহিলে, সেই অনুৰোধ পোৱাৰ ত্ৰিছ (30) দিনৰ ভিতৰত সেই অনুৰোধত কোম্পানীয়ে ক্ৰেডিট তথ্য আপটেড কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।
  13. ৰাহক অভিযোগ প্ৰতিকাৰ ব্যৱস্থা

    অডিট কমিটিৰ চুপাৰিছ ক্ৰমে ব’ৰ্ডে গ্ৰাহক অভিযোগ প্ৰতিকাৰ ব্যৱস্থা (“অভিযোগ প্ৰতিকাৰ নীতি”) গ্ৰহণ কৰিছে আৰু সেয়া সকলো ঋণ গ্ৰহণকাৰী টাচ পইণ্ট/মুখ্য কাৰ্যালয়ত আৰু এছআই ক্ৰেভাৰ ৱেবছাইটত প্ৰদৰ্শিত কৰি থোৱা হৈছে। যাৰ জৰিয়তে গ্ৰাহকসকলক ক্ৰমোচ্চ পৰ্যায় ব্যৱস্থা আৰু অভিযোগ প্ৰতিকাৰ বিষয়া (তেওঁৰ নাম আৰু ফোন নম্বৰ ইত্যাদিৰ সৈতে) সম্বন্ধে তথ্য দিয়া হৈছে।

  14. সমন্বিত লোকপাল যোজনা:

    The Integrated Ombudsman Scheme, 2021 is effective from November 12, 2021. The Scheme adopts ‘One Nation One Ombudsman’ approach by making the RBI Ombudsman mechanism jurisdiction neutral. It integrates the existing three Ombudsman schemes of RBI namely, (i) the Banking Ombudsman Scheme, 2006; (ii) the Ombudsman Scheme for Non-Banking Financial Companies, 2018; and (iii) the Ombudsman Scheme for Digital Transactions, 2019. Relevant details of the scheme are published in the Company’s website. সমন্বিত লোকপাল যোজনা, 2021 কাৰ্যকৰ হৈছে 12 নৱেম্বৰ, 2021-ৰপৰা। এই যোজনা RBI লোকপাল ব্যৱস্থা একতিয়াৰক নিৰপেক্ষ কৰি ‘এখন দেশ এখন লোকপাল’ পন্থা গ্ৰহণ কৰিছে। ইয়াত RBI-ৰ তিনিটা বৰ্তমান লোকপাল যোজনাক অন্তৰ্ভুক্ত কৰা হৈছে। যেনে, (i) বেংকিং লোকপাল যোজনা, 2006; (ii) নন-বেংকিং বিত্তীয় কোম্পানীসমূহৰ বাবে লোকপাল যোজনী, 2018; আৰু (iii) ডিজিটেল লেনদেনৰ বাবে লোকপাল যোজনা, 2019।

  15. নীতিৰ পৰ্যালোচনা:

    এই বিধি আৰু অভিযোগ প্ৰতিকাৰ ব্যৱস্থাৰ কাম-কাজৰ পৰ্যায়ক্ৰমিক পৰ্যালোচনা (বছৰত কমেও এবাৰকৈ) কৰিব এছআই ক্ৰেভা আৰু তেনে পৰ্যালোচনাসমূহৰ সামগ্ৰিক প্ৰতিবেদন অডিট কমিটিৰ ওচৰত নিয়মিত সময়ৰ ব্যৱধানত জমা দিয়া হ’ব। সেয়া কোম্পানীৰ ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছেও পৰ্যালোচনা কৰি চাব আৰু অনুমোদি দিব।

  16. অমনিবাছ ক্লজ:

    RBI-ৰ দ্বাৰা মাজে-মাজে জাৰী হোৱা বৰ্তমান আৰু ভৱিষ্যতৰ আটাইবোৰ মাষ্টাৰ চাৰ্কুলাৰ/নিৰ্দেশ/নিৰ্দেশিকা/নিৰ্দেশিকা টোকা নিৰ্দেশক শক্তি হিচাপে কাম কৰিব আৰু এই বিধিৰ বিষয়সমূহক অতিক্ৰম কৰিব।

    এছআই ক্ৰেভা এই বিধিৰ মৰ্ম অনুসৰণ কৰি আৰু নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰযোজ্য পন্থা অনুসৰি এই বিধিক মানি চলিব।

এছআই ক্ৰেভা কেপিটেল ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড-ৰ বাবে